মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ ক্ৰীড়া আৰু যুৱ কল্যাণ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়

ইতিহাস

  • ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগটো ১৯৮৮-৮৯ চনত গঠন হৈছিল। ইয়াৰ মুখ্য উদ্দেশ্য ক্ৰীড়া আৰু যুৱ কল্যাণ ক্ষেত্ৰখনত সকলো প্ৰকাৰৰ বিকাশ ঘটোৱা। যিকি নহওক, ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয় বহুত আগতেই গঠন হৈছিল। এই সঞ্চালকালয়ত স্বৰ্গীয় ভূপেন্দ্ৰ নাথ বৰুৱা( অ অ সে) ই প্ৰথমজন সঞ্চালকৰ দায়িত্ব লৈছিল ১৯৭৬ চনৰ ১৭ অক্টোবৰত। প্ৰকৃততে ই কাৰ্যকৰী হৈছিল ১৯৭৭-৭৮ ৰ পৰাহে। সঞ্চালকালয় নিয়মীয়াকৰণ হৈ পৰিল ১৯৮২-৮৩ চনৰ পৰা।

    ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগ গঠন হোৱাৰ পূৰ্বে ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয় শিক্ষা বিভাগৰ অধীনত আছিল। এই বিভাগ নতুনকৈ গঠন হোৱাৰ পাছত ক্ৰীড়া আৰু যুৱ কল্যাণ ক্ষেত্ৰখনে যথেষ্ট সাৰ-পানী পালে। ৰাজ্যখনত ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ বিকাশৰ বাবে বিভিন্ন আচঁনি ৰূপায়নৰ বাবে সঞ্চালকালয়লৈ নিয়মীয়া পুঁজি আবন্টনৰ বাবেই এই মহত্ব কাৰ্য সফল হৈ উঠিছে।