মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ ক্ৰীড়া আৰু যুৱ কল্যাণ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়

ৰাজ্যিক ক্ৰীড়া অকাডেমী

ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ অধীনত বৰ্তমানে দুখন ৰাজ্যিক ক্ৰীড়া অকাডেমী কাৰ্যকৰী হৈ আছে।

  • ফুটবল অকাডেমী
  • বক্সিং অকাডেমী

প্ৰতিভাসম্পন্ন ফুটবলাৰ আৰু বক্সাৰক আবাসীক প্ৰশিক্ষণ দি আছে এই দুই অকাডেমীয়ে। এই অকাডেমী দুটাই সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ পৰা কাম কৰি আছে।

ৰাজ্যিক বক্সিং আৰু ফুটবল অকাডেমীৰ সাফল্যঃ-

ৰাজ্যিক ফুটবল অকাডেমী

  • ষ্টেট ফুটবল অকাডেমীৰ ৫ প্ৰতিভাসম্পন্ন ফুটবলাৰক ভাৰতীয় স্কুল ফুটবল দলক প্ৰতিনিধিত্ব কৰিবলৈ বাছনি কৰা হৈছে এই দলটোৱে ২০১৫ চনত অষ্ট্ৰেলিয়াৰ এডিলেইডি অনু্স্থিত এছিয়া পেচিফিক স্কুল গেমছত প্ৰতিনিধিত্ব কৰিছিল।
  • নিম্নোক্ত ফুটবলাৰ সকল ভাৰতীয় ফুটবল সংস্থাৰ দ্বাৰা ভাৰতীয় ফুটবল দললৈ নিৰ্বাচিত হৈছে
  • শ্ৰী অমন ছেত্ৰী— ১৭ বছৰ অনুৰ্দ্ধ বিশ্বকাপ
  • শ্ৰী আদৰ্শ ৰায় দাস—১৫ বছৰ অনুৰ্দ্ধ ভাৰতীয় দল
  • শ্ৰী বিকাশ গুৰুং, ২০১৬ বৰ্ষত বাংলাদেশত অনুষ্ঠিত ১৬ বছৰ অনুৰ্দ্ধ ছাউথ এছিয়ান গেমছ(ফুটবল) আৰু জাৰ্মানীত অনুষ্ঠিত ফেডাৰেছন কাপ মেছত ভাগ লয়।
  • নিম্নোক্ত খেলুৱৈসকল (১৯ বছৰ অনুৰ্দ্ধ) ২০১৫-১৬ চনত শ্বিলঙৰ লাজং ক্লাৱত ফুটবল চেম্পিয়নশ্বিপৰ বাবে নিৰ্বাচিত হৈছিল
  • শ্ৰী ত্ৰিদিপ বড়ো
  • শ্ৰী চিৰঞ্জীত্ গগৈ
  • শ্ৰী মুচুখা নাৰ্জাৰী
  • ৰাণিশ আহমেদ শ্বিলঙত ছেকেণ্ড ডিভিজন লিগৰ বাবে ৰেইজিং ফুটবল ক্লাৱৰ লগত দুবছৰৰ বাবে চুক্তিবদ্ধ।তেওঁ ২০১৬ ৰ জুন ৰ ৩ তাৰিখে ভৰ্ত্তি হৈছিল।
  • ২০১৬ চনৰ চেপ্তেম্বৰৰ ১০ তাৰিখে গোৱা নেশ্ব্যনেল ফুটবল অকাডেমীত ইজিপ্তত হোৱা ফ্ৰেইণ্ডশ্বিপ কাপ গেমত ভাগ লবৰ বাবে শ্ৰী আদৰ্শ দাস ৰায় নিৰ্বাচিত হয়। তেওঁ আন্তঃৰাষ্ট্ৰীয় সুব্ৰত কাপ মুখাৰ্জী জলপানি ১৫,০০০/- লাভ কৰে।
  • ৰিলায়েন্স ফাউণ্ডেচন ফুটবল চেম্পিয়নশ্বিপত অংশ লবৰ বাবে কৃষাণু মেছ নিৰ্বাচিত হয়, ২০১৭ ৰ এপ্ৰিল মাহত মুম্বাইত চূড়ান্ত বাছনি শিবিৰ অনুষ্ঠিত হয়।
  • গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত ২০১৫ বৰ্ষত ১৪ বছৰ অনুৰ্দ্ধ ছানফিষ্ট কাপ ফুটবল চেম্পিয়নশ্বিপত ৰাজ্যিক ফুটবল অকাডেমী জয়ী হৈছিল।
  • ছত্তিশগড়ত ২০১৬-১৭ বৰ্ষত অনুষ্ঠিত সৰ্বভাৰতীয় জুনিয়ৰ ফুটবল বিজয়ীশ্বিপ বি.চি.ৰয় ট্ৰফি ৰ বাবে শ্ৰী বিকি তামাংগ আৰু চেৰিং লামাই অংশ গ্ৰহণ কৰিছিল।
  • ২০১৭ বৰ্ষত গুৱাহাটী বিশ্ববিদ্যালয় খেলপথাৰত অনুষ্ঠিত ছানফিষ্ট কাপ ফুটবল চেম্পিয়নশ্বিপত ৰাজ্যিক ফুটবল অকাডেমী ১৪ বছৰ অনুৰ্দ্ধ শিতানত বিজয়ী হৈছিল আৰু নেহৰু ষ্টেডিয়ামত অনুষ্টিত নৰ্থ ইষ্ট ছানফিষ্ট কাপ চেম্পিয়নশ্বিপত ৰাণাৰ আপ খিতাপ অৰ্জন কৰিছিল।
  • মহাৰাষ্ট্ৰত অনুষ্ঠিত অ’পেন নেশ্বনেল ছাব জুনিয়ৰ ফুটবল প্ৰতিযোগিতাত খেলিবৰ বাবে শ্ৰী অনুপম বৰগোঁহাই এই অকাডেমীৰ পৰা নিৰ্বাচিত হৈছিল।

ষ্টেট বক্সিং অকাডেমীঃ

  • ২০১৫ চনৰ যোৰহাটৰ তিতাবৰত অনুষ্ঠিত আন্তঃজিলা বক্সিং চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত ৬ প্ৰতিভাসম্পন্ন খেলুৱৈয়ে সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক জয় কৰিছিল।
  • ২০১৬বৰ্ষৰ ৰাষ্ট্ৰীয় যুৱ মহিলা বক্সিং প্ৰতিযোগিতাত মিছ অংকুশিতা বড়োয়ে ব্ৰঞ্জৰ পদক জয় কৰিছিল। আৰু ২০১৭ ৰ বিশ্ব যুৱ মহিলা বক্সিং প্ৰতিযোগিতালৈ ভাৰতীয় দলত অন্তৰ্ভুক্ত হৈছিল।
  • ৩ প্ৰতিভাৱান বক্সাৰ ২০১৭ ৰ যুৱ ৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতালৈ নিৰ্বাচিত হৈছিল।
  • শ্ৰী দিপাংকৰ কাছাৰী
  • শ্ৰী ছামবাহাদুৰ প্ৰধান
  • শ্ৰী দিগন্ত ৰাভা
  • খেল’ ইণ্ডিয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া প্ৰতিযোগিতা, ২০১৬-১৭
  • মিছ প্ৰিয়ংকা বড়ো— সোণ
  • মিছ সৰস্বতী বড়ো—সোণ
  • মিছ সুস্মিতা নাৰ্জাৰী- ব্ৰঞ্জ
  • মিছ পিংকী গগৈ— ব্ৰঞ্জ
  • শ্ৰী মাচুম কহাৰ—ব্ৰঞ্জ
  • শ্ৰী স্বৰাছ বসুমতাৰী—ব্ৰঞ্জ
  • শ্ৰী কনক তাৰু- ব্ৰঞ্জ
  • শ্ৰী দিগন্ত ৰাভা—ৰূপ

২০১৬ ত পুডুচেৰীত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ পি ৱাই কে কে এ(PYKKA) মিছ অমিশা কুমাৰী ভাৰতীয়ে ৰূপৰ পদক অৰ্জন কৰিছিল।

Downloads
TitleSizeDetail
Workshop on Replication of Good Governance Initiatives3.06 MBswf-image
Minutes of the Board Meeting Held On 01-04-2017 Regarding State Football & Boxing Academy66.58 KBswf-image