মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ ক্ৰীড়া আৰু যুৱ কল্যাণ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়

কোচিং

(১) ৰাজ্যিক পৰ্যায়ৰ আৱাসিকফ্ৰণ্টৰেংকিং কোচিং

ৰাজ্যিক পৰ্যায়ৰ আৱাসিক ফ্ৰণ্ট ৰেংকিং কোচিং ২০১৬-১৭ বৰ্ষত ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়, অসমে প্ৰতিভাসম্পন্ন খেলুৱৈসকলক ৰাজ্যক প্ৰতিনিধিত্ব কৰিবলৈ মুকলি কৰিছিল। এই প্ৰশিক্ষণৰ জৰিয়তে ভালৰো ভাল খেলুৱৈ নিৰ্বাচিত হয়।

লক্ষ্য আৰু উদ্দেশ্যঃ

এই প্ৰশিক্ষণ অনুষ্ঠানৰ দ্বাৰা খেলুৱৈসকলক এনেকৈ সাজু কৰা হয় যাতে তেওঁলোকে ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত নিজ ৰাজ্যলৈ সন্মান বুটলি আনিবলৈ সক্ষম হয়।

প্ৰশিক্ষণটো গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়াম আৰু টেপেচিয়াৰ এল এন আই পি ত প্ৰদান কৰা হয়। এই প্ৰশিক্ষণৰ জৰিয়তে ক্ৰীড়া ক্ষেত্ৰত ব্যুত্পত্তি অৰ্জন কৰিব পৰা প্ৰতিভাসমূহ উলিয়াই অনা হয়।

কোন বিলাক খেলুৱৈক প্ৰশিক্ষণ দিয়া হ?

বিভিন্ন ক্ৰীড়া বিভাগত সফলতা অৰ্জন শীৰ্ষ ২০ ৰ পৰা ৪০ জন প্ৰশিক্ষাৰ্থী উচ্চ মানসম্পন্ন প্ৰক্ষিশকা আৰু শৰীৰ নিৰ্দেশকে(Physical Instructor) বাছনি কৰি উলিয়ায়।

প্ৰশিক্ষক কোন হ?

ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দখল থকা প্ৰশিক্ষণৰ দ্বাৰাহে প্ৰশিক্ষণ দিবৰ বাবে বিশেষ নিৰ্বাচিত প্ৰশিক্ষণক ৰাজ্যিক পৰ্যায়ৰ প্ৰশিক্ষকে সহযোগিতা আগবঢ়ায়।

সূচীঃ

প্ৰত্যেক বছৰৰ জানুৱাৰীফেব্ৰুৱাৰী ৩ মাহজোৰা প্ৰশিক্ষণ গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্প আৰু ষ্টেপছিয়াৰ এল এন আই পি ই ত অনুষ্ঠিত কৰা হয়।

(২) প্ৰাথমিক পৰ্যায়ৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষণলৈ

লক্ষ্য আৰু উদ্দেশ্য

  • ৰাজ্যৰ চুকে কোনে সিচঁৰিত হৈ থকা ক্ৰীড়া প্ৰতিভাসমূহক বাছি উলিয়াই ৰাষ্ট্ৰীয় পৰ্যায়লৈকে যোৱা
  • এছিয়ান গেমছ, ক’মনৱেলথ গেমছ আৰু ২০১২, ২০১৪ আৰু ২০২৮ ত হ’বলগীয়া অলিম্পিকলৈ যাতে ভাল প্ৰদৰ্শনী দেখুৱাব পাৰে তাৰ বাবে প্ৰতিভাসম্পন্ন ল’ৰা- ছোৱালীক প্ৰশিক্ষণ দিয়া
  • মেধা তথাক্ৰীড়া প্ৰতিভাসম্পন্ন জনজাতীয় আৰু দাৰিদ্ৰসীমাৰেখাৰ তলৰ ল’ৰা ছোৱালীক সুযোগ দিয়া।

 

প্ৰশিক্ষণ কাক কাক দিয়া হ ?

  • প্ৰাথমিক পৰ্যায়ৰ খেলুৱৈক জিলা পৰ্যায়ৰ প্ৰশিক্ষণ দিয়া হ’ব।
  • যিকোনো জিলাৰ পৰা নিৰ্বাচিত হৈ অহা খেলুৱৈক ৰাজ্যিক পৰ্যায়ৰ প্ৰশিক্ষণ
  • ৰাজ্যিক পৰ্যায়ত নিৰ্বাচিত খেলুৱৈ ৰা্ষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষণ।

প্ৰশিক্ষকঃ

নিৰ্বাচিত খেলুৱৈ সকলৰ বাবে আন্তৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত সুনাম থকা প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ।

সূচীঃ

নিৰ্ধাৰিত সূচী এবাৰতেচূড়ান্ত কৰি পেলোৱা হয়।

(৩) কৰ্মজোৰা প্ৰশিক্ষণঃ

নিজৰ ক্ৰীড়াৰ বাবে ইতিমধ্যে ৪১ জন প্ৰশিক্ষকক নিয়োজিত কৰা হৈছে।

(৪) নিয়মীয়া প্ৰশিক্ষণঃ

অসমত অলিম্পিক- অ- অলিম্পিক ক্ৰীড়া সমূহৰ বাবে ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ জৰিয়তে নিযুক্তি প্ৰাপ্ত নিয়মীয়া আৰু ঠিকাভিত্তিক প্ৰশিক্ষকৰ দ্বাৰা বিভিন্ন ঠাইত নিয়মীয়া প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। স্থানসমূহঃ- সৰুসজাই ক্ৰীড়া প্ৰকল্প আৰ.জি.বৰুৱা ক্ৰীড়া প্ৰকল্প, মহম্মদ তৈয়বুল্লা হকী ষ্টেডিয়াম, ডি ডি আৰু পি ইনড’ৰ ষ্টেডিয়াম, ডঃজাকিৰ হুছেইন একুৱেটিক কমপ্লেক্স, বি. পি. চলিহা ছুইমিং পুল, ভোগেশ্বৰী ফুকননী ইনড’ৰ ষ্টেডিয়াম, কনকলতা ইনড’ৰ আৰু যোৰহাট, গোলাঘাট, ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ, চৰাইদেউ, লখিমপুৰ, নগাওঁ, কোকৰাঝাৰ, কামৰূপ, বঙাইগাওঁ জিলাৰ সদৰসমূহ।

Downloads
TitleSizeDetail
Coaching Details59.05 KBswf-image