মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ ক্ৰীড়া আৰু যুৱ কল্যাণ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়

পৰ্বতাৰোহী আৰু সাহসিকতাৰ ক্ৰীড়া

অসম পৰ্বতাৰোহণ আৰু দুসাহসিকতা ক্ৰীড়া প্ৰতিষ্ঠান

প্ৰাথমিক তথ্যঃ

অসম পৰ্বতাৰোহণ আৰু দুঃসাহসিকতা ক্ৰীড়া প্ৰতিষ্ঠানগুৱাহাটীৰ উলুবাৰীস্থিত আৰ.জি. বৰুৱা ক্ৰীড়া প্ৰকল্পত দেশভক্ত তৰুণৰাম ফুকন ইনডোৰ ষ্টেডিয়ামত২০১৫ চনৰ মে’ মাহৰ ১২ তাৰিখৰ পৰা কাৰ্যকৰী হয়।

লক্ষ্য আৰু উদ্দেশ্য

যুৱ প্ৰজন্মৰ মাহত লুকাই থকা দুঃসাহসিক প্ৰতিভা কিছুমানক বিভিন্ন ক্ৰীড়া যেনে পাহাৰীয়া অভিযান শিলাখণ্ড বগোৱা, ট্ৰেকিং আদিত পাৰদৰ্শিতা দেখুওৱাৰ বাবে উপযুক্ত কৰি তোলা।

প্ৰতিষ্ঠানটোৱেপ্ৰশিক্ষণপ্ৰাপ্ত ব্যক্তিৰ দ্বাৰা দুঃসাহসিকতা ক্ৰীড়া কাৰ্য্যক্ৰম পৰিচালনা কৰে।

অসামাজিক কাৰ্য, জাতিবিৰোধী কাৰ্যৰ পৰা বিৰত থাকিব পৰাকৈ কৰ্মসংস্থাপন সৃষ্টিৰ লগতে খেলুৱৈসকলক বিভিন্ন দিশত দক্ষ কৰি তোলা।

কেনেকৈ অন্তৰ্ভুক্ত হ ?

প্ৰতিষ্ঠানটোত অন্তৰ্ভূক্তি এতিয়ালৈকে আৰম্ভ হোৱা নাই।

প্ৰক্ৰিয়াটো শেষ হোৱাৰ পাছত তালিকাভূক্তৰ কাৰণে প্ৰয়োজনীয় আৱশ্যকতাখিনি আপলোড কৰা হয়।

সফলতাপূৰ্ণভাৱে সম্পাদন বা আৰম্ভ হোৱা বিভিন্ন কাৰ্য্যকলাপ বা কাৰ্য্যসূচী

  • কাৰ্বি- আংলংঙৰ ডিফুত পৰ্বতাৰোহন আৰু ৱাটাৰ স্পৰ্টছ হৈ যায়।
  • বঙাইগাৱত পৰ্বতাৰোহন আৰু ৱাটাৰ স্পৰ্টছ সম্পন্ন।
  • মৰিগাঁৱৰ চাৰণ বিলত পৰ্বতাৰোহন আৰু ৱাটাৰ স্পৰ্টছ।
  • উচ্চ উচ্চতাসম্পন্ন ট্ৰেকিং হিমাচল প্ৰদেশৰ বিছকুন্দত সম্পন্ন কৰা হৈছে।
  • হিমাচল প্ৰদেশৰ মাউন্ট মনিৰংগ শৃংগ অতিক্ৰম সম্পন্ন।

কেনেকৈ আবেদন কৰিব ?

বিভাগীয় জিলা ক্ৰীড়া কাৰ্যালয় আৰু ব্যক্তি বিশেষ শ্ৰী তৰুণ শইকীয়া, এছ এম আই, সঞ্চালক, ক্ৰীড়া আৰু যুৱ কল্যাণ, অসম নতুবা প্ৰতিষ্ঠাৰ লগত যোগোযোগ কৰিব পাৰে। তৰুণ শইকীয়াৰ ফোন নম্বৰঃ- +৯১৮৪৮৬১-১২৭৬৫