মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ ক্ৰীড়া আৰু যুৱ কল্যাণ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়

কাৰ্য্যাৱলী আৰু উদ্দেশ্য

পূৰ্বতে ৰাজ্যৰ কিছুমান শিক্ষানুষ্ঠানত থকা শৰীৰ শিক্ষাৰ প্ৰশিক্ষণ কেন্দ্ৰসমূহক ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ জৰিয়তে আচঁনি কিছুমান তৈয়াৰ কৰি আৰু সেইসমূহক সঠিক ভাৱে ৰূপায়ন কৰি কেন্দ্ৰসমূহক আৰু সবল কৰি তোলা। সেই সূত্ৰে বহু শাৰিৰীক প্ৰশিক্ষকক হাইস্কুল সমূহত নিযুক্তি দিয়া হ’ল। তেওঁলোকৰ দ্বাৰা ক্ৰীড়াৰ ছাত্ৰ- ছাত্ৰীৰ সকলো কাম-কাজ নিৰীক্ষণ কৰা হয়।

উঠি অহা খেলুৱৈ সকলক বিভিন্ন বিভাগৰ ক্ৰীড়াৰ ক্ষেত্ৰত উপযুক্ত প্ৰশিক্ষণ প্ৰদান কৰি তেওঁলোকৰ দক্ষতা বৃদ্ধিৰ বিষয়টোতো গুৰুত্ব প্ৰদান কৰি আহিছে ক্ৰীড়া সঞ্চালকালয়ে। এই উদ্দেশ্য আগত ৰাখি ২১ জন বিভিন্ন বিভাগৰ ক্ৰীড়া প্ৰশিক্ষকক নিযুক্তি দিয়া হৈছে।

সঞ্চালকায়ে ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী(NCC)ৰ লগত জড়িত কাৰ্যসমূহক স্বতঃস্ফূৰ্ত্তভাৱে সংযোগিতা আগবঢ়াই আহিছে। গ্ৰুপ হেডকোৱাটাৰৰ অধীনত ৫ টা এন চি চি হেডকোৱাৰ্টাৰ আৰু ২৭ টা এন চি চি ইউনিট আছে। এন চি চি গ্ৰুপ হেডকোৱাৰ্টাৰ আৰু ইউনিট সমূহত অসামৰিক কৰ্মচাৰী তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ অন্তৰ্ভুক্তিৰে অসম ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ে পৰিচালনা কৰি আছে। তেওঁলোকৰ দৰমহা অসম চৰকাৰে প্ৰদান কৰে। ৰাজ্যখনৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ কাৰণে বিভিন্ন ধৰণৰ কাৰ্যসূচীৰ বাবে ক্ৰীড়া।

এন চি চি কৰ্তৃপক্ষক ৰাজ্যৰ এন চি চি কেডেটসকলৰ কাৰণে বিভিন্ন কাৰ্য্যসূচী পৰিচালনা কৰিবলৈ সঞ্চালকালয়ে বাৰ্ষিক বিত্তীয় সাহাৰ্য প্ৰদান কৰে। কাৰ্যসূচীৰ ভিতৰত গণৰাজ্য দিৱস শিবিৰ, স্থল সেনা শিবিৰ, বায়ু সেনা শিবিৰ, মুখ্যমন্ত্ৰীৰ ৰেলী, জাতীয় সংহতি শিবিৰ আৰু বাৰ্ষিক প্ৰশিক্ষণ শিবিৰ ইত্যাদি অন্তৰ্ভু্ক্ত। ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ কেডাৰসকলক প্ৰশিক্ষণৰ অন্তত “B”  আৰু  “ C ”  প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। বৰ্তমান ৰাজ্যত ৩৩০০০ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ কেডাৰ আছে। অসম চৰকাৰে এই সংস্থা ৫০০০০ লৈ বৃদ্ধি কৰিবলৈ সংকল্প লৈছে।